এ পি জি চি এল-ৰ ৱেবছাইটৰ তথ্য-পাতি / নথিসমূহ ৰাজহুৱা ডমেইনত থাকিব আৰু সেয়ে সঠিক অনুমতি লোৱাৰ পাছত ব্যৱহাৰকাৰীয়ে বিনামূলীয়াকৈ কপি বা প্রতিলিপি কৰিব পাৰিব। এই ক্ষেত্রত এটা চর্ত থাকিব যে এই তথ্য-পাতিবোৰৰ প্রতিলিপি শুদ্ধ হ'ব লাগিব, ক্ষতিকাৰক হ'ব নালাগিব আৰু তাত আভুৱা ভৰা কথা থাকিব নালাগিব। আনহাতে যেতিয়াই আন ৱেবছাইটত এ পি জি চি এল-ৰ ৱেবছাইটত থকা তথ্য-পাতিবোৰ প্রকাশ কৰা হ'ব বা আনক জনোৱা যাব, তেতিয়া সেইবোৰৰ উৎসৰ বিষয়ে উল্লেখ কৰিব লাগিব। অৱশ্যে কোনো তথ্য-পাতি বা নথিৰ ক্ষেত্রত তৃতীয় পক্ষৰ কপিৰাইট থাকিলে তাত এ পি জি চি এল-ৰ কর্তৃত্ব নাথাকিব আৰু তেতিয়া প্রতিলিপি কৰাৰ আগতে কপিৰাইটৰ গৰাকীৰ পৰা আগতীয়াকৈ অনুমতি ল'ব লাগিব।
কপিৰাইট @ . © সকলো অধিকাৰ সংৰক্ষিত। অসম শক্তি উৎপাদন নিগম লিমিটেড। | CIN: U40101AS2003SGC007239 | GST No.:18AAFCA4891F1ZJ