অসম / ভাৰতৰ মহাবিদ্যালয় / বিশ্ববিদ্যালয়ৰ উপযুক্ত পঞ্চম / ষষ্ঠ ছিমেষ্টাৰৰ স্নাতক / ডিপ্ল’মা অভিযন্তা ছাত্র-ছাত্রীৰ বাবে অসম শক্তি উৎপাদন নিগম লিমিটেডৰ চলি থকা শক্তি কেন্দ্রসমূহত (যেনে – নামৰূপ তাপ বিদ্যুৎ কেন্দ্র, নামৰূপ; লাকুৱা তাপ বিদ্যুৎ কেন্দ্র, মাইবেলা, আৰু কার্বি লাংপি জলবিদ্যুৎ প্রকল্প, লেঙেৰী আদি) প্রতিবছৰে জুন-জুলাই মাহত গ্রীষ্মকালীন প্রশিক্ষণ আৰু ডিচেম্বৰ-জানুৱাৰি মাহত শীতকালীন প্রশিক্ষণ কার্য্যসূচীৰ অনুমতি দিয়া হয়।
টোকাঃ মহাবিদ্যালয় / বিশ্ববিদ্যালয়ৰ ‘ট্রেইনিং এণ্ড প্লেচমেন্ট অফিচাৰ’ক (TPO) অনুৰোধ কৰা হৈছে যে তেওঁলোকে যাতে নিজৰ প্রতিষ্ঠানৰ ছাত্র-ছাত্রীক মনোনীত কৰি নামৰই তালিকা এই ঠিকনাত পঠিয়ায় – মুখ্য মহাপ্রবন্ধক (উৎপাদন) / মহাপ্রবন্ধক (মানৱ সম্পদ), অসম শক্তি উৎপাদন নিগম লিমিটেড, বিজুলী ভৱন, পল্টন বজাৰ, গুৱাহাটী-১। প্রস্তাবিত প্রশিক্ষণৰ অন্ততঃ এমাহ আগতে এই আবেদন কৰিব লাগিব। প্রথমে অহা প্রার্থীক প্রথম সুবিধা দিয়া হ’ব। এক নির্দিষ্ট বিত্তীয় বর্ষত গ্রীষ্মকালীন/ শীতকালীন প্রশিক্ষণৰ বাবে প্রতি প্রতিষ্ঠানৰ প্রতিটো শাখাৰ পৰা সর্বোচ্চ ১০ জন (দহ) ছাত্র-ছাত্রীৰ নামহে বিবেচনা কৰা হ’ব। ছাত্র-ছাত্রীসকলক কোনো পাৰিতোষিক দিয়া নহ’ব আৰু প্রশিক্ষণৰ সময়ত ছাত্র-ছাত্রীসকলে থকা-খোৱাৰ বন্দৱস্ত নিজে কৰিব লাগিব।
কপিৰাইট @ . © সকলো অধিকাৰ সংৰক্ষিত। অসম শক্তি উৎপাদন নিগম লিমিটেড। | CIN: U40101AS2003SGC007239 | GST No.:18AAFCA4891F1ZJ